জীৱৰ শ্বাস-প্ৰশ্বাস
A B
(i) খাৰিফ শস্য় (a) গৰুৰ খাদ্য
(ii) ৰবি শস্য (b) ইউৰিয়া আৰু ছুপাৰ ছফফেট
(iii) ৰাসায়নিক সাৰ (c) প্ৰাণীৰ বৰ্জিত দ্ৰব্য়, গৰুৰ গোবৰ গো-মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য়
(e) ধান আৰু যৱ
১) দৌৰ শেষ হোৱাৰ পিছত খেলুৱৈ এজনে সাধাৰণতে লোৱাতকৈ বেছি খৰকৈ আৰু দীঘলীয়াকৈ কিয় উশাহ-নিশাহ লয় ?
উত্তৰঃ- দৌৰৰ সময়ত খেলুৱৈ এজনক তুলনামূলকভাৱে অধিক শক্তিৰ প্ৰয়োজন হয়, এই শক্তি দেহত উৎপন্ন কৰাৰ বাবে অধিক অক্সিজেন (O2) ৰ প্ৰায়োজন হয়। ফলস্বৰূপে দৌৰ শেষ হোৱাৰ পিছত খেলুৱৈ এজনে সাধাৰণতে লোৱাতকৈ বেছি খৰকৈ আৰু দীঘলীয়াকৈ কিয় উশাহ-নিশাহ লয়
২) বায়বীয় আৰু অবায়বীয় শ্বসনৰ সাদৃশ্য আৰু পাৰ্থক্যৰ তালিকা কৰা ।
উত্তৰঃ- বায়বীয় আৰু অবায়বীয় শ্বসনৰ সাদৃশ্য:
i) শক্তি নিৰ্গত হয়।
ii) কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়।
iii) কোষৰ ভিতৰত সংঘটিত হয়।
- অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়।
- শক্তিৰ লগতে কাৰ্বন ডাই অক্সাইড আৰু পানী নিৰ্গত হয়।
- অধিক শক্তি উৎপন্ন হয়।
- বেছিভাগ প্ৰাণী আৰু উদ্ভিদৰ ক্ষেত্ৰত সংঘটিত হয়।
- ই এটা ক্ষিপ্ৰ পদ্ধতি
- অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়।
- শক্তিৰ লগতে কাৰ্বন ডাই অক্সাইড আৰু এলক'হল নিৰ্গত হয়
- তুলনামূলকভাৱে কম শক্তিৰ উৎপন্ন হয়।
- ইষ্ট আৰু কিছুমান বেক্টেৰিয়াত সংঘটিত হয়।
- ই তুলনামূলকভাৱে ধীৰ পদ্ধতি।
উত্তৰঃ-আমাৰ চাৰিওফালৰ বায়ুত বিভিন্ন ধৰণৰ অবাঞ্ছিত পদাৰ্থৰ কণিকা যেনে— ধোঁৱা, ধূলিকণা, ফুলৰ ৰেণু আদি মিহলি হৈ থাকে। যেতিয়া আমি উশাহ লওঁ, আমাৰ নাসিকা গহ্বৰত থকা নোমে এই কণিকাবোৰ ধৰি ৰাখে। কেতিয়াবা অৱশ্যে এই কণিকাবোৰে নাসিকা গহ্বৰৰ নোমবোৰ অতিক্ৰম কৰি ভিতৰলৈ সোমাই যায়। তেতিয়া এই কণিকাবোৰে নাসিকা গহ্বৰৰ ভিতৰৰ আৱৰণটো উত্তেজিত কৰি তোলে, ফলস্বৰূপে আমাৰ হাঁচি আহে।
৪) তিনিটা পৰীক্ষানলী লোৱা। প্ৰত্যকটোৰ ৩\৪ অংশ পানীৰে বৰাই লোৱা। ক" "খ আৰু 'গ নামেৰে লেবেল লগাই দিয়া। 'ক' পৰীক্ষানলীত এটা শামুক লোৱা 'খ পৰীক্ষা নলীত এটা জলজ উদ্ভিদ আৰু 'গ পৰীক্ষানলীত উদ্ভিদ, শামুক দুয়োটাকে ভৰাই লোৱা। কোনটো পৰীক্ষানলীত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ আটাইতকৈ বেছি হ'ব ?
উত্তৰঃ- 'ক' পৰীক্ষা নলীটোত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি হব। কাৰণ ইয়াত শামুক আছে, যিয়ে নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিব ।
আকৌ, 'খ' আৰু 'গ' পৰীক্ষা নলীটোত জলজ উদ্ভিদ আছে, যিয়ে খাদ্য প্ৰস্তুত কৰাৰ বাবে কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰিব ফলস্বৰূপে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ তুলনামূলকভাৱে কম হব।
৫) সঠিক উত্তৰত চিন দিয়া ঃ
ক) পঁইতাচোৰাৰ শৰীৰলৈ __________ ৰ যোগেদি বায়ু সোমাই আহে ।
i) হাঁওফাওঁ ii) ফুল
iii) বায়ু ছিদ্ৰ iv) ছাল
উত্তৰঃ iii) বায়ুছিদ্ৰ।
খ) গধুৰ ব্যায়ামৰ সময়ত আমাৰ ভৰিত জমা হোৱা __________ৰ বাবে সিৰামূৰি ধৰে ।
(i) কাৰ্বন-ডাই-অক্সাইড (ii) লেক্ টিক এছিড
(iii) বায়ু ছিদ্ৰ (iv) পানী
উত্তৰঃ ii)লেকটিক এছিডৰ বাবে।
গ) এজন প্ৰাপ্ত বয়স্ক মানুহৰ জিৰণিৰ সময়ত প্ৰতি মিনিটত স্বাভাৱিক উশাহ-নিশাহৰ হাৰৰ গড় বিস্তৃতি
i) ৯-১২ ii) ১৫-১৮
iii) ২১-২৮ iv) ৩০-৩৩
উত্তৰঃ ii) ১৫-১৮।
ঘ) নিশাহৰ সময়ত কামিহাড়বোৰ
i) বাহিৰলৈ গতি কৰে ii) তললৈ গতি কৰে
iii) ওপৰলৈ গতি কৰে iv) কোনো ধৰণৰ লৰচৰ নকৰে
উত্তৰঃ ii) তললৈ গতি কৰে।
৬) স্তম্ভ ১ৰ লগত স্তম্ভ ২ বিষয়সমূহ মিলোৱা
স্তম্ভ ১ স্তম্ভ ২
ক) ইষ্ট i) কেঁচু
খ) মধ্যচ্ছদা ii) ফুল
গ) ছাল iii) এলক'হল
ঘ) পাত iv) বক্ষ গহ্বৰ
ঙ) মাছ v) পত্ৰৰন্ধ্ৰ
চ) ভেকুলী vi) হাঁওফাওঁ আৰু ছাল
vii) শ্বাসনলী
উত্তৰঃ স্তম্ভ ১ স্তম্ভ ২
(খ) মধ্য়চ্ছদা iv) বক্ষ গহ্বৰ
(গ) ছাল i) কেঁচু
(ঘ) পাত v) পত্ৰৰন্ধ্ৰ
(ঙ) মাছ ii)ফুল
(চ) ভেকুলী vi) হাঁওফাওঁ আৰু ছাল
৭) উক্তিবোৰ শুদ্ধ হ'লে "শু" আৰু অশুদ্ধ হ'লে "অ" লিখা ঃ
i) ব্যায়ামৰ সময়ত ব্যক্তি এজনৰ উশাহ-নিশাহৰ হাৰ কমি যায় । (শু\অ)
উত্তৰঃ অ
ii) উদ্ভিদে দিনৰ ভাগত কেৱল সালোক সংশ্লেষণ আৰু নিশাৰ ভাগত কেৱল শ্বসন কৰে । (শু \ অ)
উত্তৰঃ শু
iii) ভেকুলীয়ে সিহঁতৰ ছাল আৰু হাঁওফাওঁৰ জৰিয়তে শ্বসন কাৰ্য সমাধা কৰে । ( শু\অ)
উত্তৰঃ শু
iv) মাছৰ শ্বসনৰ বাবে হাঁওফাওঁ আছে । ( শু\অ)
উত্তৰঃ অ
v) বক্ষগহ্বৰৰ আকাৰ উশাহৰ সময়ত বৃদ্ধি হয় । ( শু\অ)
উত্তৰঃ শু
৮) জীৱৰ শ্বসনৰ লগত সম্পৰ্ক থকা বিভিন্ন শব্দৰ বানানসমূহ তলত দিয়া বৰ্গবোৰত লুকাই আছে এই শব্দবোৰ যিকোনো দিশতে ওপৰৰ পৰা তললৈ, পথালিকৈ, বেঁকাকৈ থাকিব পাৰে । শ্বসন তন্ত্ৰৰ শব্দবোৰ বিচৰা। শব্দবোৰৰ ইংগিত বৰ্গটোৰ তলত হৈছে ।
i) পতংগৰ বায়ুনলী ।
উত্তৰঃ শ্বাসনলীকা।
ii) বক্ষ গহ্বৰক আৱৰি থকা হাড়ৰ সাজোন ।
উত্তৰঃ কামিহাড়।
iii) বক্ষ গহ্বৰৰ মাংসপেশীযুক্ত তল ।
উত্তৰঃ মধ্য়চ্ছদা।
iv) পাতৰ পৃষ্ঠ ভাগত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ ।
উত্তৰঃ পত্ৰৰন্ধ্ৰ।
v) পতংগৰ দেহৰ কাষৰ বা পাৰ্শ্বফালে থকা সৰু বিন্ধা।
উত্তৰঃ বায়ুছিদ্ৰ।
vi) মানুহৰ শ্বাস-প্ৰশ্বাস অংগ ।
উত্তৰঃ হাঁওফাওঁ
vii) যি বিন্ধাৰে আমি উশাহ-নিশাহ লওঁ ।
উত্তৰঃ নসিকা গহ্বৰ।
viii)শ্বাসনলীকা থকা এবিধ পতংগ
উত্তৰঃ পঁইতাচোৰা
ix) এবিধ অবাত জীৱ
উত্তৰঃ ইষ্ট
৯) পৰ্বতাৰোহণকাৰীয়ে অক্সিজেন তেওঁলোকৰ লগত কঢ়িয়াই নিয়ে কাৰণ,
ক) ৫ কি.মি তকৈ অধিক উচ্চতাত বায়ু নেথাকে ।
খ) এজন ব্যক্তিৰ প্ৰয়োজনীয় বায়ু ভূ-পূষ্ঠতকৈ কম হোৱাৰ বাবে ।
গ) বায়ুৰ উষ্ণতা ভু-পৃষ্ঠতকৈ বেছি ।
ঘ) বায়ুৰ চাপ ভূ-পৃষ্ঠতকৈ বেছি ।
উত্তৰঃ (খ) এজন ব্য়ক্তিৰ প্ৰয়োজনীয় বায়ু ভূ-পৃষ্ঠতকৈ কম হোৱাৰ বাবে।
১)কোষীয় শ্বসন কাক বোলে ?
উত্তৰ: যিটো প্ৰক্ৰিয়াৰ দ্বাৰা কোষত থকা খাদ্যবস্তু ভাঙি শক্তি নির্গত হয় তাকে কোষীয় শ্বসন বোলে। সকলো জীৱৰ কোষীয় শ্বসন সম্পন্ন হয়। শ্বসন দুই প্ৰকাৰৰ: সবাত বা বায়ৱীয় শ্বসন আৰু অবাত বা অবায়বীয় শ্বসন।
২)বায়ৱীয় শ্বসন কাক বোলে ?
উত্তৰ: কোষত অক্সিজেনৰ দ্বাৰা খাদ্যবস্তু (গ্লুক’জ) কার্বন-ডাই-অক্সাইড আৰু পানীলৈ পৰিৱৰ্তন। অক্সিজেন ব্যৱহাৰ কৰি যেতিয়া গ্লুক'জ ভাঙে তেতিয়া তাক সবাত বা বায়ৱীয় শ্বসন বোলে।
৩)অবায়বীয় শ্বসন কাক বোলে ?
উত্তৰ: যি প্ৰক্ৰিয়াত অক্সিজেন ব্যৱহাৰ নকৰাকৈ খাদ্যবস্তুবোৰৰ ভাঙোন তাক অবাত বা অবায়বীয় শ্বসন বুলি কোৱা হয় ।
৪)ইষ্টে বায়ু নোহোৱাকৈও জীয়াই থাকিব পাৰে। কিয় ?
উত্তৰ: ইষ্টে বায়ু নোহোৱাকৈও জীয়াই থাকিব পাৰে, কাৰণ ইহঁতে অবায়বীয় শ্বসনৰ দ্বাৰা শক্তি পায় য'ত অক্সিজেনৰ প্ৰয়োজন নহয়।
৫)ইষ্টৰ দুটা ব্যৱহাৰ উল্লেখ কৰা।
উত্তৰ:ইষ্টৰ দুটা ব্যৱহাৰ হ'ল
i) পাওৰুটি প্ৰস্তুত কৰাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।
ii) মদ, বিয়েৰ আদি প্ৰস্তুত কৰাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।উত্তৰ:যেতিয়া শৰীৰত অধিক শক্তিৰ প্ৰয়োজন হয় তেতিয়া সাময়িক ভাৱে অক্সিজেনৰ অভাৱ হয় আৰু আমাৰ পেশী কোষবোৰে অবায়বীয় শ্বসনৰ দ্বাৰা ইয়াৰ প্ৰয়োজন পূৰ কৰে। এই প্ৰক্ৰিয়াত আংশিক ভাৱে গ্লুকʼজ ভাঙি লেক্টিক এছিড প্ৰস্তুত হয়, ইয়াৰ ফলত সিৰিমূৰিৰ সৃষ্টি হয়।
৭)উশাহ নিশাহ কাক বোলে ?
উত্তৰ:অক্সিজেনযুক্ত বায়ু শৰীৰৰ ভিতৰলৈ নিয়াকে উশাহ লোৱা আৰু কার্বন-ডাই-অক্সাইডযুক্ত বায়ু বাহিৰ কৰি দিয়াকে নিশাহ বোলে।
৮)আমি কেনেকৈ উশাহ-নিশাহ লও চমুকৈ বৰ্ণনা কৰা।
উত্তৰ: আমি নাকৰ বিন্ধা অথবা নাসাৰন্ধ্ৰৰ দ্বাৰা বায়ু গ্ৰহণ কৰোঁ। আমি যেতিয়া উশাহ লওঁ তেতিয়া বায়ু নাসাৰন্ধ্ৰৰে পাৰ হৈ নাসিকা গহ্বৰত সোমায়। নাসিকা গহ্বৰৰ পৰা বায়ুখিনি বায়ুনলীৰে আমাৰ হাঁওফাঁওলৈ যায়। বক্ষ গহ্বৰত হাওঁফাওঁ থাকে ।
উত্তৰ: কিছুমান জীৱ বায়ুৰ অবিহনেও জীয়াই থাকিব পাৰে, সিহঁতক অবায়ুজীৱ বা অবাত জীৱ বুলি কয়।
উত্তৰ: ইষ্ট।
১১)কোষ কি?
উত্তৰ: কোষ হৈছে জীৱদেহ গঠন আৰু কাৰ্যৰ ক্ষুদ্রতম একক
১২)উশাহ-নিশাহৰ হাৰ কি?
উত্তৰ: এজন মানুহে এক মিনিটত যিমান বাৰ উশাহ- নিশাহ লয় তাকে উশাহ-নিশাহৰ হাৰ বুলি কোৱা হয় ।
উত্তৰ: হাঁচি মৰাৰ সময়ত নাকটো ঢাকি ৰাখিব লাগে, যাতে উলিয়াই দিয়া অবাঞ্ছিত কণিকাবোৰ আন এজনৰ উশাহত সোমাই নাযায়।
১) পইতাচোৰাই ___ৰে উশাহ-নিশাহ লয়।
২)কেচুঁৱে __ৰ সহায়ত উশাহ নিশাহ লয়।
৩)উদ্ভিদে ___ ৰ সহায়ত উশাহ-নিশাহ লয়।
৪)উশাহৰ সময়ত আমাৰ ___ প্ৰসাৰণ হয়।
i)গিল ii)নাক
৫) মানুহৰ শৰীৰত হোৱা অবায়বীয় শ্বসনৰ ফলত উৎপন্ন হয়___
i)লেকটিক এছিড ii)কাৰ্বন ডাই অক্সাইড
উত্তৰ: i)লেকটিক এছিড
৬) উশাহ লোৱাৰ সময়ত কামি হাড় বোৰ __ লৈ গতি কৰে।
iii)তললৈ আৰু ভিতৰলৈ
iv)তললৈ আৰু বাহিৰলৈ
উত্তৰ: i)ওপৰলৈ আৰু বাহিৰলৈ
৭)নিশাহৰ সময়ত কামি হাড় বোৰ __ লৈ গতি কৰে।
iii)তললৈ আৰু ভিতৰলৈ
iv)তললৈ আৰু বাহিৰলৈ
৮) গিলবোৰে মাছক সহায় কৰে
i)বায়ুৰ পৰা অক্সিজেন গ্ৰহন কৰাত
ii)পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন ব্যৱহাৰ কৰাত
iii)সাঁতোৰাত
iv)আটাইকেইটা
উত্তৰ: ii)পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন ব্যৱহাৰ কৰাত
৯) হাওঁফাওঁ আৰু ছাল উভয়ৰে উশাহ-নিশাহ লব পাৰে
উত্তৰ: i)ভেকুলী
১০) ইষ্ট ব্যৱহাৰ কৰা হয়
i)পাওৰুটি প্ৰস্তুত কৰাত
ii)মদ প্ৰস্তুত কৰাত
iii)বিয়েৰ প্ৰস্তুত কৰাত
iv)আটাইকেইটা
১২) __ হৈছে জীৱদেহ গঠন আৰু কাৰ্যৰ ক্ষুদ্রতম একক
i) কলা ii)মগজু