অণুজীৱ: মিত্ৰ আৰু শত্ৰু
উত্তৰঃ
(a) অনুজীৱবোৰ অনুবীক্ষন যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়।
(b) নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰ'জেন গ্ৰহন কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে।
(c) ইষ্ট ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়।
(d) বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয়।
২) শুদ্ধ উত্তৰত '✓' চিন দিয়া।
(a) চেনি /সুৰা / হাইড্ৰ'ক্লৰিক এছিড / অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়।
উত্তৰঃ সুৰা।
(b) ছ'ডিয়াম বাইকাৰ্বনেট / ষ্ট্ৰেপ্ট'মাইছিন / সুৰা / ইষ্ট এবিধ এণ্টিবায়'টিক।
উত্তৰঃ ষ্ট্ৰেপ্ট'মাইছিল।
(c) মাইকী এন'ফলিছ মহ / পইতাচোৰা / মাখি / পখিলা / মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰট'জ'ৱাৰ বাহক।
উত্তৰঃ মাইকী এন'ফিলিছ মহ।
(d) পৰুৱা / মাখি / জিঞা / মকৰা / সংক্ৰামক ৰোগৰ বাহক।
উত্তৰঃ মাখি।
(e) তাপ / গুড়ি কৰা / ইষ্টকোষৰ বৃদ্ধি / ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লডা ওফন্দি উঠে।
উত্তৰঃ ইষ্টকোষৰ বৃদ্ধি।
(f) শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰ'জেন যৌগীকৰণ / সাঁচ / কিণ্বন / সংক্ৰমণ বোলা হয়।
উত্তৰঃ কিণ্বন।
৩) 'A' অংশত থকা অনুজীৱ বোৰক 'B' অংশৰ ক্ৰিয়াৰ লগত মিলোৱা
A B
i) বেক্টেৰিয়া
ii) ৰাইজ’বিয়াম
iii) লেক্ট’বেছিলাছ
iv) ইষ্ট
v) প্ৰ’জ’ৱা
vi) ভাইৰাছ
g) এন্টিবডি
প্ৰস্তুত কৰাত
উত্তৰঃ
A B
i) বেক্টেৰিয়া e) কলেৰা ৰোগ সৃষ্টিত
ii) ৰাইজ’বিয়াম a) নাইট্ৰ’জেন যৌগীকৰণ
iii) লেক্ট’বেছিলাছ
iv) ইষ্ট
v) প্ৰ’জ’ৱা
vi) ভাইৰাছ
৪) অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে? সিহঁতক কেনেকৈ দেখা পাব পাৰি ?
উত্তৰঃ অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায়, অণুজীৱবোৰক আতছী কাছ অথবা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি ।
৫) অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি ?
উত্তৰঃ অনুজীৱৰ ডাঙৰ ভাগবোৰ হৈছে - বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট'জ'ৱা আৰু কিছুমান শেলাই।
৬) মাটিত বায়ুমণ্ডলীয় নাইট্ৰ'জেন যৌগীকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম লিখা।
উত্তৰঃমাটিত বায়ুমণ্ডলীয় নাইট্ৰ'জেন যৌগীকৰণ কৰিব পৰা অণুজীৱহ'ল - ৰাইজ'বিয়াম, নীল সেউজ শেলাই ।
৭) আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে 10 শাৰী লিখা।
উত্তৰঃ অণুজীৱসমূহে আমাৰ দৈনন্দিন জীৱনত বিভিন্ন ধৰণে সহায়ত কৰে:
১)লেক্ট'বেছিলাছ নামৰ অণুজীৱৰ সহায়ত গাখীৰ দৈ লৈ ৰূপান্তৰিত হয়।
২) পাওৰুটি আৰু কেক প্ৰস্তুতকৰণত, অণুজীৱৰ ব্যৱহাৰ কৰা হয় ।
৩) অণুজীৱসমূহে জৈৱ বৰ্জিত পদাৰ্থবোৰক পচন ঘটায় পৰিৱেশ চাফা কৰি ৰাখে।
৪) কৃষিক্ষেত্ৰত বেক্টেৰিয়াই নাইট্ৰ'জেন যোগীকৰণ কৰি মাটিৰ উৰ্ব্বৰতা বৃদ্ধি কৰাত সহায় কৰে।
৫)আচাৰ প্ৰস্তুত কৰোতে অণুজীৱৰ ব্যৱহাৰ কৰা হয়।
৬) সুৰা, মদ প্ৰস্তুতকৰাতে অণুজীৱক ব্যৱহাৰ কৰা হয়।
৭) পলিঅ ' , বসন্ত আদিৰ প্ৰতিষেধক ছিটা প্ৰস্তুত কৰোতে অণুজীৱক ব্যৱহাৰ কৰা হয়।
৮) ঔষধ প্ৰস্তুত কৰোতে অণুজীৱৰ ব্যৱহাৰ কৰা হয়।
৮) অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃঅণুজীৱসমূহ আমাৰ বাবে বিভিন্ন ধৰণে অপকাৰী। কিছুমান অণুজীৱই মানুহ, উদ্ভিত আৰু প্ৰাণীৰ ৰোগৰ সৃষ্টি কৰে আকৌ কিছুমান অণুজীৱই খাদ্য বস্তু বস্ত্ৰ, চামৰা আদি নষ্ট কৰে। ৰোগ সৃষ্টিকাৰী অণুজীৱসমূহে এজন ৰোগীৰ পৰা আন এজন সুস্থ লোকলৈ বায়ু, স্পৰ্শ, পানী, ম'হ আদি বাহকৰ দ্বাৰা বিয়পি যায়। ধান, যৱ, আলু, কুঁহিয়াৰ, কমলা আদি উদ্ভিদবোৰত হোৱা ৰোগৰ অন্যতম কাৰক হ'ল অণুজীৱ। ইয়াৰ ফলত উদ্ভিদসমূহৰ উৎপাদন ক্ষমতা কমি যায়। খোৱা খাদ্যত অণুজীৱৰ ক্ৰিয়াৰ ফলত খাদ্য বিষাক্ত হৈ পৰে। এই খাদ্য সেৱন কৰি মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে।
৯) এন্টিবায়'টিক কি? এন্টিবায়টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা ল'ব লাগে?
উত্তৰঃকিছুমান ঔষধ বেমাৰ সৃষ্টিকাৰী অণুজীৱবোৰক ধ্বংস কৰাৰ লগতে সিহঁতৰ বৃদ্ধিত বাধা জনায়। এনে ঔষধবোৰক এন্টিবায়'টিক বোলা হয়।
এন্টিবায়টিক গ্ৰহণ কৰোঁতে লব লগা সাৱধানতা:
১) অৰ্হতা সম্পন্ন ডাক্তৰৰ পৰামৰ্শতহে এন্টিবায়'টিক গ্ৰহণ কৰিব লাগে ।
২) ডাক্তৰৰ নিদান অনুসৰি দৰৱৰ কৰ্ছ শেষ কৰিব লাগে।
৩) অপ্ৰয়োজীয়ভাৱে এন্টিবায়'টিক খাব নালাগে।
অষ্টম শ্ৰেণীৰ বিষয়সমূহৰ সমাধান WhatsApp ত পৰ্যায়ক্ৰমে পাবলৈ চেনেলটো ফলো কৰিব পাৰে।