সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক
অনুশীলনী:১) কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কিয়? ব্যাখ্যা কৰা।
উত্তৰঃ কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কাৰণ এই আহঁবোৰক বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াৰে পেট্ৰ'লিয়াম জাত দ্ৰৱ্যসমূহৰ পৰা উৎপন্ন কৰা যায়। ৰেয়ন, নাইলন, পলিয়েষ্টাৰ, এক্ৰাইলিক আদিবোৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা কিছুমান সাংশ্লেষিক আহঁ। এইবোৰক মানৱ সৃষ্ট আঁহ বুলিও জনা যায়।
২) শুদ্ধ উত্তৰত √ চিন দিয়া।
সাংশ্লেষিক আঁহসমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নো-
(a) ইয়াৰ এটা ৰেচম-সদৃশ ৰূপ আছে।
(b) ইয়াক কাঠৰ - মণ্ডৰ পৰা পোৱা যায়।
(c) প্ৰাকৃতিক আঁহ বোৰৰ দৰে ইয়াৰ আঁহবোৰ ব'ব পাৰি।
উত্তৰঃ (b) ইয়াক কাঠৰ - মণ্ডৰ পৰা পোৱা যায়।
৩) উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা ।
(a) সাংশ্লেষিক আঁহ বোৰক ___ বা ___ বুলিও কোৱা হয়।
উত্তৰঃ কৃত্ৰিম আহঁ বা মানৱ সৃষ্ট আঁহ
(b)সাংশ্লেষিক আঁহবোৰক ___ নামৰ কেঁচা মালৰ পৰা সংশ্লেষণ কৰা হয়।
উত্তৰঃ পেট্ৰকেমিকেল।
(c) সাংশ্লেষিক আঁহ বোৰৰ দৰে প্লাষ্টিকো এবিধ ___ ।
উত্তৰঃ বহুযোগী
৪) নাইলন ৰ আঁহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া ।
উত্তৰঃ নাইলন ৰ আঁহবোৰ বৰ শক্তিশালী,উদাহৰণস্বৰূপে:
a) শিলাৰোহণৰ বাবে ব্যৱহাৰ কৰা পেৰাচুট আৰু ৰছী বনাবলৈ নাইলেন ব্যৱহাৰ কৰা হয়।
b)গাড়ীৰ আসনৰ পেটীত নাইলেন ব্যৱহাৰ কৰা হয়।
৫) খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰ বোৰক পছন্দ কৰা হয় কিয়?
উত্তৰঃ খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰ বোৰক পছন্দ কৰা হয় কাৰণ
a)এই পাত্ৰবোৰ কম ওজনৰ, কম দামৰ আৰু মজবুত ।
b) ই পানী আৰু বায়ুৰ লগত বিক্ৰিয়া নকৰে।
৬) তাপ নমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য বাখ্য়া কৰা।
তাপ নমনীয় প্লাষ্টিক |
তাপ দৃঢ় প্লাষ্টিক |
এইবোৰক তপতালে সহজে বিকৃত কৰিব পাৰি আৰু ভাজ কৰিব পাৰি। |
এইবোৰক পুনৰ তপতালেও কোমলাব নোৱাৰি। |
পলিথিন, PVC আদিবোৰ ইয়াৰ উদাহৰণ। |
বেকেলাইট আৰু মেলামাইন ইয়াৰ উদাহৰণ। |
৭) তলত দিয়াবোৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয়। বাখ্য়া কৰা।
ক) ছছপেনৰ নাল
খ) বিদ্যুতৰ প্লাগ/ চুইচ/ প্লাগবৰ্ড
উত্তৰঃ ক) ছছপেনৰ নালডাল তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয়। কাৰণ আন প্লাষ্টিকতকৈ ই অধিক তাপ সহ্য কৰিব পাৰে অৰ্থাৎ তাপ পালেও সহজে বিকৃত নহয় আৰু ই অগ্নিৰোধত সহায় কৰে।
খ) বিদ্যুতৰ প্লাগ/চুইচ/প্লাগ বৰ্ড আদিবোৰ তপদৃঢ় প্লাষ্টিকেৰে তৈয়াৰ কৰা হয় কাৰণ ই বিদ্যুতৰ কু - পৰিবাহী আৰু ই তাপ পালেও সহজে গলি নাযায়।
৯) ৰাণাই গ্ৰীষ্ম কালৰ বাবে ছাৰ্ট কিনিব খুজিছে। তেওঁ কপাহী ছাৰ্ট নে সাংশ্লেষিক আঁহেৰে তৈয়াৰি ছাৰ্ট কিনাতো উচিত হব? কাৰণ দৰ্শাই ৰানা ক উপদেশ দিয়া।
উত্তৰঃ ৰাণাই কপাহী ছাৰ্টটো কিনাটো উচিত হ'ব। কাৰণ কপাহী কাপোৰৰ পানী শোষণ ক্ষমতা সাংশ্লেষিক আঁহৰ কাপোৰৰ পানী শোষণ ক্ষমতাতকৈ অধিক। যিহেতু গ্ৰীষ্মকালত যথেষ্ট ঘামি থাকে, কপাহী কাপোৰে এইবোৰক ভালদৰে শুহি শৰীৰটোক আৰাম দিব।
১০) প্ৰাকৃতিক গত ভাৱে প্লাষ্টিক সমূহ যে অ-ক্ষয়কাৰি তাক দেখুৱাবলৈ উদাহৰণ দিয়া।
উত্তৰঃ প্ৰাকৃতিক গত ভাৱে প্লাষ্টিক সমূহ যে অ-ক্ষয়কাৰি, উদাৰণস্বৰূপে:
i)প্লাষ্টিকৰ পাত্ৰত কোনো ধৰণৰ খাদ্য বা দ্ৰৱ্য ৰাখিলে ই কোনোধৰণৰ বিক্ৰিয়া নকৰে।
ii)) বায়ু আৰু পানীৰ সংস্পৰ্শলৈ আহিলেও ইয়াত মামৰে নধৰে।
iii)বহুদিন ধৰি পাৰি থাকিলেও ই বিয়োজকৰ দ্বাৰা পাচন নহয়।
১১) টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে? বাখ্য়া কৰা।
উত্তৰঃ টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিতনহয় ।
আমাৰ দাঁতৰ গুৰি অংশবোৰ কোমল; গতিকে ব্ৰাছৰ নোমবোৰ কোমল পদাৰ্থৰে তৈয়াৰ কৰা উচিত যাতে ব্ৰাছ কৰোতে দাঁতৰ কোনোধৰণৰ ক্ষতি নহয়। আকৌ ধৰাৰ সুবিধাৰ বাবে নালডাল টান পদাৰ্থৰে তৈয়াৰ কৰা উচিত।
১২) "পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা" এই পৰামৰ্শৰ ওপৰত মতামত দিয়া।
উত্তৰঃ পৰাপক্ষত প্লাষ্টিক এৰাই চলা উচিত। প্লাষ্টিক জাতীয় পদাৰ্থসমূহ জৈৱ - অপচনশীল , ইয়াৰ দহন প্ৰক্ৰিয়াত বিষাক্ত গেছ উৎপন্ন হয়, যিয়ে বায়ু প্ৰদূষণ ঘটায়। প্লাষ্টিক জাতীয় পদাৰ্থসমূহৰ ভক্ষণৰ ফলত প্ৰাণী সমূহৰ শ্বাস - প্ৰশ্বাস প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত মৃত্যু পৰ্যন্ত হোৱা দেখা যায় । প্লাষ্টিকৰ মোনাবৰ য'তে ত'তে দলিয়াই দিয়াৰ ফলত নলা - নৰ্দামাবোৰ বন্ধ হোৱা দেখা যায়। মুঠতে কব পাৰি যে প্লাষ্টিক পৰিৱেশ প্ৰদূষণৰ এটা প্ৰধান উৎস সেয়ে পৰাপক্ষত ইয়াক এৰাই চলা উচিত।
১৪) "সাংশ্লেষিক আঁহ সমূহৰ উৎপাদনে আচলতে বন সংৰক্ষণত সহায় কৰি আছে" মতামত দিয়া।
উত্তৰঃ সাংশ্লেষিক আঁহ সমূহৰ উৎপাদনে আচলতে বন সংৰক্ষণত যথেষ্ট সহায় কৰি আছে । প্ৰাকৃতিক আঁহসমূহ উদ্ভিদৰ বিভিন্ন অংশৰ পৰা সংগ্ৰহ কৰা হয় । ইয়াৰ বাবে বহু সংখ্যক গছ কাটি পেলোৱা হয়। আনহাতে সাংশ্লেষিক আঁহসমূহ পেট্ৰ'লিয়াম উৎসৰ কেঁচামালৰ পৰা উৎপাদন কৰা হয়।
অষ্টম শ্ৰেণীৰ বিষয়সমূহৰ সমাধান WhatsApp ত পৰ্যায়ক্ৰমে পাবলৈ চেনেলটো ফলো কৰিব পাৰে।