শস্য উৎপাদণ আৰু ব্যৱস্থাপনা
অনুশীলনী:
১) তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালি ঠাই পূৰ্ণ কৰা।
ওপঙি, পানী, শস্য, পোষক দ্ৰব্য, চহোৱা
উত্তৰঃ
(ক) একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয়।
(খ) শস্য সিঁচাৰ আগতে মাটি ডৰা চহোৱা হয়।
(গ) নষ্ট হোৱা বীজবোৰ পানীত ওপঙি থাকে।
(ঘ) শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষকদ্ৰব্য আৰু পানী প্ৰয়োজন হয়।
২) 'A' স্তম্ভৰ লগত 'B' স্তম্ভ মিলোৱা ।
A B
(i) খাৰিফ শস্য় (ক) গৰুৰ খাদ্য
(ii) ৰবি শস্য (খ) ইউৰিয়া আৰু ছুপাৰ
ফছফেট
(iii) ৰাসায়নিক সাৰ (গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য়,
গৰুৰ গোবৰ গো-মূত্ৰ
আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য়
(iv) জৈৱিক সাৰ (ঘ) ঘেঁহু, বুট, মটৰ মাহ
(ঙ) ধান আৰু যৱ
উত্তৰঃ
A B
(i) খাৰিফ শস্য় (ঙ) ধান আৰু যৱ
(ii) ৰবি শস্য (ঘ) ঘেঁহু, বুট, মটৰ মাহ
(iii) ৰাসায়নিক সাৰ (খ) ইউৰিয়া আৰু ছুপাৰ
ফছফেট
(iv) জৈৱিক সাৰ (গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য়,
গৰুৰ গোবৰ গো-মূত্ৰ
আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য়
৩) প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া ।
ক) খাৰিফ শস্য
খ) ৰবি শস্য
উত্তৰঃ
ক) খাৰিফ শস্যঃ ধান আৰু মাকৈ, ছয়বিন বাদাম, কপাহ ।
খ) ৰবি শস্যঃ ঘেঁহু আৰু বুট, মটৰ, সৰিয়হ, তিচি।
৪) তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা।
ক) মাটি চহোৱা
খ)বীজ সিঁচা
গ)বনবাত নিৰোৱা
ঘ) মৰণামৰা
উত্তৰঃ
ক) মাটি চহোবাঃ
শস্য উৎপাদনৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হ'ল মাটি চহোৱা অৰ্থাৎ মাটিডৰা ঢিলা কৰা। ইয়াৰ ফলত উদ্ভিদৰ শিপা সহজেই তললৈ যাব পাৰে । ইয়াৰোপৰি ঢিলা মাটিয়ে কেচুঁ আৰু মাটিত থকা অনুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে। ফলত মাটিত হিউমাছৰ পৰিমাণ বৃদ্ধি পায়। আকৌ, মাটি চহ কৰাৰ ফলত মাটি খিনি তল ওপৰ হৈ পুষ্টি দ্ৰব্যবোৰ মাটিৰ সকলো অংশত মিহলি হৈ উদ্ভিদৰ বৃদ্ধিত সহায় কৰে । সাধাৰণতেই নাঙলৰ সহায়ত এই কাৰ্য কৰা হয় ।
খ)বীজ সিঁচা:
বীজ সিঁচাটো হ'ল শস্য উৎপাদনৰ আন এটা প্ৰয়োজনীয় কাম। উন্নত জাতৰ বীজ বাছি সমান সমান দূৰত্ব আৰু সমান গভীৰতাত বীজসমূহ সিঁচাটো গুৰুত্বপূৰ্ণ। পুৰণিকালত পৰম্পৰাগত সঁজুলিৰ সহায়ত বীজ সমূহ সিঁচা হৈছিল। কিন্তু বৰ্তমান কালত বীজ সিঁচা যন্ত্ৰৰ সহায়ত এই কাম সম্পাদন কৰা হয়। ইয়াৰ দ্বাৰাই খেতিয়কৰ শাৰীৰিক শ্ৰম কমে আৰু সময়ো ৰাহি হয় ।
গ)বনবাত নিৰোৱা:
খেতি পথাৰত শস্যৰ বাহিৰেও যিবোৰ অপ্ৰয়োজনীয় উদ্ভিদ গজি উঠে সেইবোৰক আঁতৰোৱা প্ৰক্ৰিয়াটো বনবাত নিৰোৱা বুলি কোৱা হয়। আকৌ বননাশক ৰাসায়নিক দ্ৰৱ্য পানীত মিহলাই স্প্ৰে মেচিনৰ সহায়ত ছটিয়াই দি এইবোৰক নিয়ন্ত্ৰণ কৰিব পৰা যায়।
ঘ) মৰণামৰা:
চপোৱা শস্যৰ বীজবোৰ শীহ আৰু গা গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াটোক মৰণা মৰা বুলি কোৱা হয়। গৰু , ম'হ তথা ট্ৰেক্টৰৰ সহায়ত এই কাৰ্য সম্পাদন কৰা হয়। তদুপৰি আধুনিক শস্য চপোৱা মেচিনৰ সহায়ত শস্য চপোৱাৰ লগতে মৰণা মৰাটোৱো সহজেই কৰা হয়।
৫)জৈৱিক সাৰৰ লগত ৰাসায়ণিক সাৰৰ প্ৰভেদ কি? বৰ্ণণা কৰা।
উত্তৰঃ
ৰাসায়নিক সাৰ |
জৈৱিক সাৰ |
ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ। |
জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য। |
ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়। |
জৈৱিক সাৰ পথাৰতে প্ৰস্তুত কৰিব পাৰি। |
ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে। |
জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে। |
ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য় নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে। |
জৈৱিক সাৰত উদ্ভিদৰ প্ৰয়োজনীয় পোষকদ্ৰব্য় তুলনামূলকভাৱে কম থাকে। |
৬) জলসিঞ্চন কি ? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা ।
উত্তৰঃ
সময়ত বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে। জলসিঞ্চনৰ উৎসসমূহ হল নাদ বা কুঁৱা, দমকল, পুখুৰী, হ্ৰদ, নদী, বান্ধ আৰু নলা।
আধুনিক জলসিঞ্চন পদ্ধতিৰ সহায়ত পানী মিতব্যয়ী ভাৱে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ দুটা পদ্ধতি হল -
a) পানী ছটিওৱা ব্যৱস্থা: পানীৰ পৰিমাণ কম থকা অসমান তথা বালিয়া মাটিৰ বাবে এই ব্যৱস্থা অতি উপযোগী। এই ব্যৱস্থাত পানী পাম্পৰ নলীৰ ঘূৰ্ণনশীল বিন্ধাৰে জোৰেৰে ওলাই শস্যৰ ওপৰত বৰষুণৰ দৰে ছিটিক পৰে।
b) পানী নিগৰোৱা ব্যৱস্থা: এই ব্যৱস্থাত পানী নিগৰাই টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয়। এই ব্যৱস্থাত পানীৰ মুঠেই অপচয় নহয়, পানীৰ অভাৱ থকা ঠাইৰ বাবে এই ব্যৱস্থা আশীৰ্বাদ স্বৰূপ।
৭) বৰ্ষা ঋতুত যদি ঘেহুঁ সিঁচা হয়, তেতিয়া কি হ'ব আলোচনা কৰা ।
উত্তৰঃ
বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয় তেন্তে ইয়াৰ পৰা শস্য উৎপাদন সম্ভৱপৰ নহয়। ঘেঁহু এবিধ ৰবি শস্য, ইয়াৰ বাবে কম উষ্ণতা, আদ্ৰতাৰ লগতে তুলনামূলক ভাৱে কম পানীৰ প্ৰয়োজন। কিন্তু বৰ্ষা ঋতুত বতৰ ইয়াৰ বাবে প্ৰতিকূল হব। সেয়ে বীজবোৰ ধ্বংস হৈ যায়।
৮) একে লেথাৰিয়ে শস্য় উৎপাদন কৰিলে মাটিৰডৰাত কেনে প্ৰভাৱ পৰে, বৰ্ণনা কৰা।
উত্তৰঃ
একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিবোৰত পোষক দ্ৰৱ্যৰ অভাৱ ঘটিব আৰু মাটি ডৰাৰ উৰ্বৰতা কমি আহিব। ফলস্বৰূপে শস্য উৎপাদনৰ পৰিমাণ কমি আহিব ।
৯) অপতৃণ কি ? সিহতঁক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?
উত্তৰঃ
খেতিপথাত শস্যৰ বাহিৰেও আন কিছুমান উদ্ভিদ গজি উঠা দেখা যায়। এইবোৰক নিয়ন্ত্ৰণৰ উপায় হ'ল -
a) শস্য চপোৱাৰ আগতে উঘালি এইবোৰক নোহোৱা কৰিব পাৰি ।
b) অপতৃণনাশক ৰাসায়নিক দ্ৰৱ্য ছটিয়াই এইবোৰক ধ্বংস কৰিব পাৰি।
অষ্টম শ্ৰেণীৰ বিষয়সমূহৰ সমাধান WhatsApp ত পৰ্যায়ক্ৰমে পাবলৈ চেনেলটো ফলো কৰিব পাৰে।