আমাৰ চাৰিওকাষৰ বস্তুবোৰ | Class 9 Science Chapter 1 Assamse Medium

 আমাৰ চাৰিওকাষৰ বস্তুবোৰ

Class 9 Science Assamese Medium

প্ৰশ্নাৱলী

1. তলৰ কোনবােৰ পদার্থ?
চকী, বায়ু, প্রেম, গােন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰব্যৰ সুৱাস।

উত্তৰ: চকী, বায়ু, গােন্ধ, বাদাম, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰব্যৰ সুৱাস।

2. তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দর্শোৱা।
কঢ়াকৈ ভজা গৰম বস্তুৰ গােন্ধ কেইবা মিটাৰ দূৰৰ পৰা পােৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গােন্ধ পাবলৈ ওচৰলৈ যাব লাগে।
উত্তৰ: উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি বৃদ্ধি পায় । সেয়ে

3. এজন ডুৱাৰুৱে সাঁতােৰাৰ সময়ত পুখুৰীৰ পানী ফালি সােমাই যাব পাৰে। পদার্থ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভব?
উত্তৰ: পানীৰ কণিকা সমূহৰ মাজত থকা আকৰ্ষণ শক্তিৰ প্ৰাবল্য কম হোৱা বাবে এজন ডুৱাৰুৱে সাঁতােৰাৰ সময়ত পুখুৰীৰ পানী ফালি সােমাই যাব পাৰে।
4. পদাৰ্থৰ কণিকাবােৰৰ বৈশিষ্ট্য বিলাক কি কি?
উত্তৰ: 
পদাৰ্থৰ কণিকাবােৰৰ বৈশিষ্ট্য হ'ল -
a)পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে ।
b)পদাৰ্থৰ কণিকাবোৰে অনবৰত গতি কৰি থাকে ।
c)পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে।

প্ৰশ্নাৱলী
1. পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বােলে। ( ঘনত্ব =ভৰ/আয়তন ) তলৰ পদাৰ্থবােৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোৱা-
বায়ু, চিমনিৰ পৰা ওলােৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লাে।
উত্তৰ: 
বায়ু, চিমনিৰ পৰা ওলােৱা ধোঁৱা,কপাহ, পানী, মৌ, চকমাটি  আৰু লাে।

2. (a) পদার্থ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবােৰৰ পার্থক্য দেখুৱাই এখন তালিকা কৰা।
উত্তৰ:

b) তলৰ বিষয় বিলাকৰ ওপৰত মন্তব্য দিয়া-
দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্ৰবাহীতা (fluidity), আকাৰ (shape), গতিশক্তি (kinetic energy) আৰু ঘনত্ব (density)।
উত্তৰ: 
দৃঢ়তা: বাহ্যিক বল প্ৰয়োগ কৰিলেও নিজৰ আকৃতি সলনি নকৰা গুণটোক দৃঢ়াতা বোলে । গোটা পদাৰ্থবোৰ দৃঢ় আকৌ জুলীয়া আৰু গেছীয় পদাৰ্থবোৰ দৃঢ় নহয়।

সংকোচশীলতা: পদাৰ্থৰ কণিকাবোৰৰ মাজত থকা ব্যৱধান আছে । বল প্ৰয়োগ কৰিলে এই ব্যৱধান নাইকীয়া হয় আৰু চাপ প্ৰয়োগ কৰিলে কমি যায় আৰু তাৰ আকৃতিৰ পৰিবৰ্তন হয় । এই ধৰ্মটোক সংকোচনশীলতা বোলে। গোটা পদাৰ্থৰ সংকোচনশীলতা অতিকম, জুলীয়া পদাৰ্থ কিছু পৰিমাণে সংকোচনশীল আৰু গেছীয় পদাৰ্থবোৰে অধিক সংকোচনশীল।

প্ৰৱাহীতা: পদাৰ্থৰ বৈ যাব পৰা ধৰ্মটোক প্ৰৱাহীতা বোলে । গোটা পদাৰ্থৰ এই গুণ নাই । আনহাতে জুলীয়া আৰু গেছীয় পদাৰ্থবোৰ প্ৰৱাহী ।

গতিশক্তি: গতিৰ বাবে কণিকাসমূহে যি শক্তি লাভ কৰে তাক গতি শক্তি বোলে । উষ্ণতা বৃদ্ধি পালে কণিকা সমূহৰ গতি শক্তি বৃদ্ধি পায় ।

আকাৰ: পদাৰ্থ এটাৰ নিৰ্দিষ্ট পৰিসীমা আৰু আয়তানকেই তাৰ আকাৰ বোলে । গোটা পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ থাকে ।

ঘনত্ব: পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমানক ঘনত্ব বোলে। গোটা পদাৰ্থৰ ঘনত্ব অধিক ।

3. কাৰণ দৰ্শোৱাঃ
a) কোনে এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে।
উত্তৰ:  গেছীয় পদাৰ্থৰ কণিকাসমূহৰ মাজত থকা আকৰ্ষণী বল অতি কম হোৱা বাবে যাদৃচ্চিক ভাৱে ঘূৰি থাকি যিটো পাত্ৰত ৰখা হয় সেই পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে ।

b) ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে।
উত্তৰ: গেছীয় অৱস্থাত পদাৰ্থৰ কণিকাবোৰে যাদৃচ্চিকভাৱে ঘূৰি ফুৰাৰ ফলত কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু একেদৰে ধাৰক পাত্ৰৰ বেৰতো খুন্দা মৰাৰ বাবে ধাৰক পাত্ৰৰ বেৰত চাপ পাৰে ।

c) কাঠৰ টেবুল এখন কঠিন পদাৰ্থ বুলিব পাৰি।
উত্তৰ: 
কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ- আকৃতি, স্পষ্ট পৰিসীমা, স্থিৰ আয়তন, অতি নগন্য, দৃঢ় আদি গুণবোৰ আছে । সেয়ে কাঠৰ টেবুল এখন কঠিন পদাৰ্থ বুলিব পাৰি।

d) বায়ুত আমাৰ হাতখন সহজতে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন।
উত্তৰ: 
বায়ুৰ কণিকাসমূহৰ মাজত থকা আকৰ্ষণী বল অতি কম হোৱা বাবে সামান্য পৰিমাণৰ বাহ্যিক বল প্ৰয়োগ কৰি সিহঁতক আঁতৰাব পাৰি । কিন্তু কাঠ এটুকুৰাৰ কণিকাসমূহৰ মাজত থকা আকৰ্ষণীবল অধিক । সেয়ে বায়ুত আমাৰ হাতখন সহজতে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন।

4. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে বৰপ পানীত ওপঙে, কিয় বাৰু ?
উত্তৰ: 
পানী গোট মাৰি বৰফ হওঁতে তাৰ আয়তন বৃদ্ধি হয় , কণিকাসমূহৰ মাজত খালী ঠাই থাকে বাবে পানীৰ তুলনাত বৰফৰ ঘনত্ব কম হয় । সেয়েহে বৰফ পানীত ওপঙে।

প্ৰশ্নাৱলী

1. তলত দিয়া উষ্ণতাবোৰ ছেলছিয়াছ স্কেলত প্ৰকাশ কৰা-
(a) 300 k (b) 573 k
উত্তৰ: 
a) 300k =300-273

                    =27°c

b) 573k= 573 - 273

            =300°c


2. তলৰ উষ্ণতা বিলাকত পানীৰ ভৌতিক অৱস্থা কি হ’ব?
(a) 250°C (b) 100°C
উত্তৰ: 
a) 250°C উষ্ণতাত পানী গেছীয় অৱস্থাত থাকিব ।

b) 100°C উষ্ণতাত পানী জুলীয়া অথবা গেছীয় অৱস্থাত থাকিব। 



3. কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় ?
উত্তৰ: 
কোনো এটা পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত প্ৰয়োগ হোৱা তাপ পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰি অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ব্যৱহৃত হয়। সেয়ে কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে ।

4. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।
উত্তৰ: বায়ুমণ্ডলীয় গেছৰ চাপ বৃদ্ধি কৰি অথবা উষ্ণতা হ্ৰাস কৰি জুলীয়া অৱস্থালৈ পৰিৱৰ্তন কৰিব পাৰি ।


প্ৰশ্নাৱলী

1. Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়?
উত্তৰ:

2. গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়?
উত্তৰ:
 মটিৰ কলহত যথেষ্ট বিন্ধা থাকে আৰু এই বিন্ধাৰে পানী অনবৰতে বাষ্পীভূত হৈ থাকে। বাষ্পীভৱণৰ পিছত কমি যোৱা শক্তি পূৰাবলৈ জুলীয়া পদাৰ্থৰ কণিকাবোৰে তাৰ চাৰিওফালৰ পৰা শক্তি আহৰণ কৰে ফলত চাৰিওকাষৰ পৰিৱেশ ঠাণ্ডা হয় । সেয়ে গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে ।


3. হাতৰ তলুৱাত এচিট’ন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি ল’লে ঠাণ্ডা অনুভৱ হয় কিয় ?
উত্তৰ:
 হাতৰ তলুৱাত এচিট'ন, পেট্ৰ'ল বা সুগন্ধি আতৰ ঢালি ল'লে ই বাষ্পীভূত হব আৰু বাষ্পীভৱণৰ বাবে প্ৰয়োজনীয় তাপ হাতৰ পৰা শোষণ কৰে । সেয়ে হাতৰ তলুৱাত এচিট’ন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি ল’লে ঠাণ্ডা অনুভৱ হয় ।


4. গৰমচাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয় ?
উত্তৰ: 
কাপতকৈ প্লেটৰ পৃষ্ঠকালি অধিক হোৱা বাবে বাষ্পীভৱণৰ মাত্ৰাও অধিক হয় । ফলত প্লেটত সোনকালে ঠাণ্ডা হয় । সেয়ে গৰমচাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ 

5. গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে ?
উত্তৰ: গ্ৰীষ্ম কালত আমি পাতল ৰঙৰ কপাহী কাপোৰ পিন্ধা উচিত । কাৰণ কপাহী কাপোৰে দেহৰ পৰা ওলোৱা ঘাম শোষণ কৰি বাষ্পীভূত কৰিব পাৰে । ফলত দেহটো শীতল হৈ থাকে ।

অনুশীলনী

1. তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্ৰকাশ কৰা-
(a) 293 k (b) 470 k
উত্তৰ:
2. তলৰ উষ্ণতাবিলাক কেলভিনত প্রকাশ কৰা।
(a) 25°C (b) 373°C
উত্তৰ:
3. কাৰণ দৰ্শোৱা-

(a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।
উত্তৰ:
(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।
উত্তৰ:4. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা- পানী, চেনি আৰু অক্সিজেন।
উত্তৰ:
5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি ?
(a) 25°C
(b) 0°C
(c) 100°C
উত্তৰ:
6. যুক্তি দৰ্শাই ব্যাখ্যা কৰা-

(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া।

উত্তৰ:

(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন।

উত্তৰ:
7. 273 k উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেচি ঠাণ্ডা কৰে কিয় ?
উত্তৰ:
8. উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব ?
উত্তৰ:
9. অৱস্থাৰ পৰিবৰ্তন দেখুওৱাই তলৰ চিত্ৰত A, B, C, D, E আৰু F ৰ নাম দিয়া।

উত্তৰ:

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.