১) প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা?
উত্তৰঃ মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানেই হ'ল প্ৰাকৃতিক সম্পদ। উদাহৰণ:মাটি,পানী,বতাহ,খনিজ পদাৰ্থ, উদ্ভিদ বন্যপ্ৰাণী আদি।
২) ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বাঢ়িছে?
উত্তৰঃ ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে বাঢ়ি অহাৰ প্ৰধান কাৰণ হ'ল :
1) দ্ৰুত গতিত হোৱা জনসংখ্যা বৃদ্ধি।
2) অৰ্থনৈতিক প্ৰতিযোগিতা।
৩)কি কি কাৰণত ভূমি অৱক্ষয় হয় ?
উত্তৰঃ ভূমি অৱক্ষয়ৰ বিভিন্ন কাৰণ হ'ল :
i)ভূমিস্খলন
ii)মাটিৰ ক্ষয়ীভৱন বা খনন
iii) গৰাখহনীয়
iv) মৰুকৰণ
৪)ভূমি সংৰক্ষণ কৰিব পৰা ব্যৱস্থাসমূহ কি কি?
উত্তৰঃ ভূমি সংৰক্ষণ কৰিব পৰা ব্যৱস্থাসমূহ হ'ল
i)মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ-বন আৰু বৃক্ষৰোপণ কৰা।
ii)পৰিৱেশ অনুকূল কৃষি পদ্ধতি প্ৰয়োগ কৰা।
iii)উচ্চভূমি অঞ্চলত বেদিকা পদ্ধতিৰে খেতি কৰা।
iv) জধে-মধে গছ কটা আৰু পাহাৰৰ মাটি কটা বন্ধ কৰা।
v) কৃষিক্ষেত্ৰৰ চৌপাশে শাৰী শাৰীকৈ উপকাৰী গছ-গছনি ৰোপণ কৰা।
vi) ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষৰোপণ কৰা।
৫)ব্যৱহাৰযোগ্য নিৰ্মল পানীৰ অভাৱহোৱাৰ কাৰণ কি?
উত্তৰঃব্যৱহাৰযোগ্য পানীৰ 70% পানী সহজে ঢুকি পাব পৰা অৱস্থাত নাই। জনসংখ্যা বৃদ্ধিৰ ফলত পানীৰ ব্যৱহাৰ যথেষ্ট বাঢ়িছে। পানীৰ উৎসসমূহো প্ৰদূষিত হ'বলৈ ধৰাৰ বাবে ব্যৱহাৰযোগ্য নিৰ্মল পানীৰ অভাৱহোৱা দেখা গৈছে ।
৬) পানী সংৰক্ষণৰ কেইটামান ব্যৱস্থা উল্লেখ কৰা।
উত্তৰঃ পানী সংৰক্ষণৰ কেইটামান ব্যৱস্থা হ'ল:
i) পানীৰ প্ৰদূষণ ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
ii) বৃক্ষৰোপণ কৰিব লাগে।
iii) পাহাৰৰ ঢালত বেদিকা পদ্ধতিৰে খেতি কৰিব লাগে।
iv) জলসিঞ্চনত প্ৰয়োজনতকৈ বেছি পানী ব্যৱহাৰ কৰিব নালাগে ।
v) বৰষুণৰ পানী সংগ্ৰহৰ ব্যৱস্থা কৰিব লাগে।
৭) বনজ সম্পদ আমি কিয় সংৰক্ষণ কৰিব লাগে?
উত্তৰঃ বনজ সম্পদসমূহে পৰিৱেশত ভাৰসাম্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উদ্ভিদে আমাক অক্সিজেন যোগান ধৰে, বন্যপ্ৰাণীক আশ্ৰয় প্ৰদান কৰে, মাটি সংৰক্ষণত সহায় কৰে, গোলকীয় উত্তাপ হ্ৰাস কৰে। পখিলাই উদ্ভিদৰ বৃদ্ধিত সহায় কৰে, শগুনে মৰাশ খাই পৰিৱেশ নিকা কৰে। সেয়ে আমি বনজ সম্পদসমূহক সংৰক্ষণ কৰিব লাগে।
৮)শক্তি সম্পদ মানে কি?
উত্তৰঃ যিবোৰ সম্পদৰ পৰা আমি শক্তি আহৰণ কৰিব পাৰো তাক শক্তি সম্পদ বোলে। উদাহৰণ: কয়লা, পেট্ৰোলিয়াম, প্ৰাকৃতিক গেছ, সৌৰশক্তি , জলশক্তি, বতাহ শক্তি আদি।
৯)জীৱাশ্ম ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নথকাৰ কাৰণ কি?
উত্তৰঃজীৱাশ্ম ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নাথাকে। এনে ইন্ধন সমূহক নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। এইবোৰৰ ব্যাপক ব্যৱহাৰৰ ফলত পৰিমাণ দ্ৰুত গতিত কমি আহিছে।
১০) পৰম্পৰাগত শক্তি বুলিলে কি বুজা?
উত্তৰঃ পৰম্পৰাগত শক্তিৰ উৎস যেনে খৰি আৰু অন্যান্য জীৱাশ্ম ইন্ধনবোৰৰ পৰা আহৰণ কৰা শক্তিবোৰক পৰম্পৰাগত শক্তি বোলে।
১১)শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি কিয় গুৰুত্বপূৰ্ণ?
উত্তৰঃ শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি অধিক গুৰুত্বপূৰ্ণ । কাৰণ অপৰম্পৰাগত শক্তি নাবীকৰণযোগ্য , সদায় উপলদ্ধ, অক্ষয়, প্ৰদূষণৰ মাত্ৰা কম।
১২)শক্তি সম্পদসমূহ কিয় সংৰক্ষণ কৰিব লাগে?
উত্তৰঃ শক্তি সম্পদসমূহ আহৰণত যথেষ্ট সময় তথা শ্ৰমৰ প্ৰয়োজন। আহৰণ প্ৰক্ৰিয়াত পৰিৱেশ কম বেছি পৰিমাণে প্ৰদূষিত হয়। সেয়ে শক্তি সম্পদসমূহ কিয় সংৰক্ষণ কৰিব লাগে ।
অনুশীলনী:
১) (ক)মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ দুটা কাৰণ উল্লেখ কৰা ।
উত্তৰঃ মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ দুটা কাৰণ হ'ল :
i)জনসংখ্যা বৃদ্ধি
ii. অৰ্থনৈতিক প্ৰতিযোগিতা।
উত্তৰঃ কোনো এঠাইত জন বসতি ঘন হোৱাৰ কাৰণ হ'ল:
i)কৃষি কাৰ্য আৰু বসবাসৰ উপযোগী ঠাইত জন বসতি ঘন দেখা যায়।
i)কৃষি কাৰ্য আৰু বসবাসৰ উপযোগী ঠাইত জন বসতি ঘন দেখা যায়।
ii)পানীৰ উৎস , উদ্যোগআৰু যাতায়তৰ সুবিধা থকা অঞ্চলত জনবসতি ঘন হোৱা দেখা যায়।
(গ) ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা।
উত্তৰঃ ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ হ'ল:
১)গৰাখহনীয়া : গৰাখহনীয়াৰ ফলত নৈ পৰীয়া মাটিৰ পৰিমাণ কমি আহে ।
২)মাটিৰক্ষয়ী ভৱন: ৰ'দ, বতাহ , বৰষুণ, নদী, হিমবাহ তথা মানুহৰ কাৰ্যৰ ফলত মাটি ক্ষয় হ'ব পাৰে ।
(ঘ) বিভিন্ন ঠাইত বর্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা।
২। শুদ্ধ উত্তৰত ☑ চিন দিয়া-
(ক) তলৰ কোনটোৱে পানীৰ সংৰক্ষণত সহায় কৰে?
(1) অবাবতে পানীৰ টেপ খুলি থলে,
(2) ভূগৰ্ভৰ পানীৰ অত্যধিক ব্যৱহাৰ কৰিলে
(3) বৰষুণৰ পানী জমা কৰি থলে।
উত্তৰঃ বৰষুণৰ পানী জমা কৰি থলে।
(খ) নির্মল পানী পাবলৈ হ'লে—
(1) আবৰ্জনাবোৰ নৈত পেলাব লাগে
(2) পানীত ৰাসায়নিক সাৰ মিহলাব লাগে
(3) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।
উত্তৰঃ পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।
(গ) তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে—
(1) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে
(2) অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে
(3) শক্তি সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লে।
উত্তৰঃ জীৱাশ্ম ইন্ধনৰ ব্য়ৱহাৰ অধিক হ'লে।
প্ৰশ্ন ৩। ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। (৮০টা মান শব্দৰ ভিতৰত)
উত্তৰঃ ভূমি সম্পদ আটাইতকৈ গুৰুত্বপূৰ্ণ তথা সীমিত সম্পদ। পৃথিৱীৰ উপৰি ভাগৰ 29 শতাংশ হৈছে ভূমি । এই ভূমিয়েই মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্ধনৰ মূল । ভূমিৰ ওপৰত ভিত্তি কৰিয়েই কৃষি, শিল্প, যাতায়াত, যোগাযোগ আদিবোৰ গঢ় লৈ উঠিছে । অৰ্থাৎ ভূমিয়েই হৈছে মানৱ সভ্যতা, সংস্কৃতি আৰু অৰ্থনীতিৰ মূল ।
মানুহৰ দৈনন্দিন জীৱন - যাপনত প্ৰায় সকলো ক্ষেত্ৰতে বিভিন্ন ধৰণে মাটিৰ ব্যৱহাৰ কৰা দেখা যায় ।
উদাহৰস্বৰূপে কৃষিকাৰ্য, উদ্যোগ, খনিজ সম্পদ আহৰণ, বনানীকৰণ, ঘৰ - দুৱাৰ, ৰাস্তা - ঘাট আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভূমি ব্যৱহাৰ কৰা হয় । তদুপৰি ভূমিৰ ব্যৱহাৰ কৰোতে মানুহে ঠাইখিনিৰ অৱস্থান, জলবায়ুৰ ধৰণ, মাটিৰ গুণাগুণ, পানীৰ উৎস, বনজ, খনিজ সম্পদৰ স্থিতি আদিবোৰ কাৰকৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা যায় ।
প্ৰশ্ন ৫। বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত ।
উত্তৰঃ বনজ সম্পদ বুলি ক'লে বনৰ পৰা আহৰণ কৰা সম্পদ সমূহৰ কথা বুজা যায় । এই সম্পদ সমূহে আমাৰ পৃথিৱীখনক এক সুন্দৰ পৰিৱেশ প্ৰদান কৰি আহিছে । এই সম্পদসমূহৰ অবিহনে পৃথিৱীত জীৱন যাপন কৰা অসম্ভৱ । বৰ্ধিত জনসংখ্যা, বিভিন্ন ধৰণৰ প্ৰাকৃতিক তথা মানৱসৃষ্ট দুৰ্যোগৰ ফলত এই সম্পদ সমূহ নাইকীয়া হোৱা দেখা গৈছে । সেয়ে এনেধৰণৰ সম্পদ সমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হোৱা উচিত ।
আকৌ জল সম্পদ প্ৰধানকৈ জলসিঞ্চন, পৰিৱহণ, উদ্যোগ আৰু ঘৰুৱা কামত আৰু বিদ্যুৎ শক্তি আহৰণৰ বাবে ব্যৱহাৰ কৰা হয় । ই এক অনৱীকৰণযোগ্য সম্পদ। জনসংখ্যাৰ বৃদ্ধিৰ ফলত ইয়াৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে । সেয়ে পানী সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে আৰু মাত্ৰাধিক পৰিমাণে ইয়াক খৰছ কৰিব নালাগে তথা পুনৰ ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে ।
প্ৰশ্ন ৬। শক্তি সম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে?
উত্তৰঃ শক্তি সম্পদসমূহৰ সংৰক্ষণৰ বাবে যথেষ্ট সময়, শ্ৰম, প্ৰযুক্তি তথা ধনৰ প্ৰয়োজন । সেয়ে এই সম্পদ সমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী নহ'লে সম্পদসমূহৰ অপচয় ৰোধ কৰিব লাগিব । প্ৰয়োজন সাপেক্ষে পৰম্পৰাগত শক্তি সম্পদসমূহৰ পৰিৱৰ্তে অপৰম্পৰাগত শক্তি সম্পদৰ ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰিব লাগিব।
প্ৰশ্ন ৭। চমু টোকা লিখা
(ক) বণ্যপ্ৰাণী, (খ) জীৱাষ্ম ইন্ধন, (গ) মৰুকৰণ, (ঘ) সৌৰশক্তি, (ঙ) ভূমিস্খলন
উত্তৰঃ ক) বন্যপ্ৰাণী: বন্যপ্ৰাণী বুলিলে বনত অৰ্থাৎ হাবিত পোৱা সৰু - বৰ প্ৰাণীসমূহৰ কথা বুজা যায় । এই বন্য প্ৰাণী সমূহে আমাৰ পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাত যথেষ্ট সহায় কৰে । উদাহৰণস্বৰূপে পখিলাই উদ্ভিদৰ বংশ বৃদ্ধিত সহায় কৰে । শগুণে মৰাশ খাই পৰিৱেশ নিকা কৰে । বন্যপ্ৰাণী সমূহে খাদ্য আৰু বাসস্থানৰ বাবে গছ - গছনিৰ ওপৰত নিৰ্ভৰশীল । সেয়েহে অৰণ্য তথা বন্য প্ৰাণী সমূহৰ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত ।
খ)জীৱাশ্ম ইন্ধন: মৃত জীৱৰ অৱশেষৰ পৰা উৎপন্ন হোৱা সম্পদসমূহক জীৱাশ্ম ইন্ধন বোলে । কয়লা, পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ আদিবোৰ জীৱাশ্ম ইন্ধনৰ উদাহৰণ। জীৱাশ্ম ইন্ধনসমূহ হ'ল পৰম্পৰাগত শক্তিৰ উৎস। এই সম্পদ সমূহ অনৱীকৰণযোগ্য সম্পদ । এই সম্পদসমূহৰ ব্যৱহাৰ যিমানেই বৃদ্ধি পাব সিমান সোনকালে এইবোৰ শেষ হৈ যাব । সেয়ে এইবোৰৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লগতে সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন।
গ) মৰুকৰণ: প্ৰাকৃতিক তথা মানুহৰ বিভিন্ন কাৰ্য কলাপৰ ফলত মৰুভূমিৰ প্ৰসাৰ ঘটা তথা নতুন মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয় । একেডৰা মাটিত ৰাসায়নিক দ্ৰৱ্য, সাৰ প্ৰয়োগ কৰি জলসিঞ্চনৰ সহায়ত বাৰে বাৰে খেতি কৰি থাকিলে মাটি ডৰাৰ উৰ্বৰতা নষ্ট হয়, পানী ধাৰণ ক্ষমতা হ্ৰাস পায় আৰু ভূ - গৰ্ভৰ জলস্তৰ নিম্নগামী হৈ অঞ্চলটো মৰুসদৃশ হৈ পৰে । মৰুভূমিৰ দাঁতি কাষৰীয়া অঞ্চলত বননি ধ্বংস আৰু অধিক পশুচৰণেও মৰুভূমিৰ প্ৰসাৰ ঘটাব পাৰে ।
ঘ) সৌৰশক্তি : সূৰ্যৰ পৰা আহৰণ কৰা শক্তিক সৌৰশক্তি বুলি জনা যায় । ই এবিধ অপৰম্পৰাগত শক্তি সম্পদ । সূৰ্যৰ তাপ আৰু পোহৰক সৌৰ কোষৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদন কৰা হয় আৰু এই শক্তিৰ সহায়ত সৌৰ টোকা, সৌৰ হিটাৰ আদি লোৱা হয় । ঘড়ী কেলকুলটৰ বিদ্যুৎ সংযোগ নথকা গাঁৱৰ বিজুলী চাকি জ্বলোৱাৰ উপৰি মহাকাশ যান, উপগ্ৰহ আদিতো সৌৰ শক্তি ব্যৱহাৰ কৰা হয় ।
ঘ) সৌৰশক্তি : সূৰ্যৰ পৰা আহৰণ কৰা শক্তিক সৌৰশক্তি বুলি জনা যায় । ই এবিধ অপৰম্পৰাগত শক্তি সম্পদ । সূৰ্যৰ তাপ আৰু পোহৰক সৌৰ কোষৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদন কৰা হয় আৰু এই শক্তিৰ সহায়ত সৌৰ টোকা, সৌৰ হিটাৰ আদি লোৱা হয় । ঘড়ী কেলকুলটৰ বিদ্যুৎ সংযোগ নথকা গাঁৱৰ বিজুলী চাকি জ্বলোৱাৰ উপৰি মহাকাশ যান, উপগ্ৰহ আদিতো সৌৰ শক্তি ব্যৱহাৰ কৰা হয় ।
ঙ) ভূমিস্খলন: বিভিন্ন প্ৰাকৃতিক তথা মানৱ সৃষ্ট কাৰণত ওখ ঠাইৰ ভূ খণ্ড তললৈ খহি পৰকে ভূমিস্খলন বোলে । নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি, পাহাৰীয়া অঞ্চলত গছ - গছনি কটা বা ধ্বংসৰ ফলত ভূমিস্খলন হ'ব পাৰে ।
প্ৰশ্ন ৮। পাৰ্থক্য দেখুওৱা
(ক) গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ
(খ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি
উত্তৰঃ ক) গ্ৰামাঞ্চলৰ অধিকাংশ মাটি কৃষিকাৰ্যত ব্যৱহৃত হয় । এই মাটিত খেতি কৰিয়েই কৃষক সকলে জীৱন নিৰ্বাহ কৰে। বননি ঘাঁহনি আদিবোৰ উভালি, বিল পিতনি , চৰণীয়া পথাৰ আদি মাটিৰে পুতি মাটিবোৰ কৃষিকাৰ্যৰ বাবে ব্যৱহাৰ কৰা দেখা যায়।
আনহাতে নগৰীয়া অঞ্চলত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অধিক হোৱা বাবে মাটিবোৰ ব্যৱসায় বানিজ্য , উদ্যোগ, ৰাস্তা - ঘাট আদিৰ প্ৰসাৰত ব্যৱহাৰ কৰা হয়। কাষৰীয়া অঞ্চলত থকা কৃষভূমি , জলহ ভূমি বা বন্যভূমি আদিলৈ নগৰ সম্প্ৰচাৰিত হয়।
খ) যিবোৰ শক্তি সম্পাদক এবাৰ ব্যৱহাৰৰ পিছত তাক পুনৰ সৃষ্টি কৰিব নোৱাৰি তাক পৰাম্পৰাগত শক্তি বোলে । আনহাতে যিবোৰ শক্তি সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি তাক অপৰম্পৰাগত শক্তি বোলে।
কয়লা, পেট্ৰোলিয়াম, প্ৰাকৃতিক গেছ আদিবোৰ পৰম্পৰাগত শক্তি। আনহাতে সৌৰশক্তি , বতাহ শক্তি, পাৰমাণৱিয় শক্তি, ভূ -তাপীয় শক্তি, জোৱাৰ শক্তি আদিবোৰ অপৰম্পৰাগত শক্তি।
পৰাম্পৰাগত শক্তিসমূহৰ ব্যৱহাৰে পৰিৱেশ প্ৰদূষিত কৰে । আনহাতে অপৰম্পৰাগত শক্তি সমূহৰ ব্যৱহাৰে তুলনামূলক ভাবে কমকৈ পৰিৱেশ প্ৰদূষিত কৰে ।
১০। অপৰম্পৰাগত শক্তিসম্পদ কি কি? এইবোৰ কেনেকৈ পোৱা যায় বা সংগ্ৰহ কৰা হয় তাৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ
অষ্টম শ্ৰেণীৰ বিষয়সমূহৰ সমাধান WhatsApp ত পৰ্যায়ক্ৰমে পাবলৈ চেনেলটো ফলো কৰিব পাৰে।