পদাৰ্থ : পদাৰ্থ ধাতু আৰু অধাতু
অনুশীলনী:1) তলৰ কোনবোৰক পিটি পিটি পাতৰ পাতল আকাৰলৈ নিব পাৰি ?
(a) জিংক (b) ফছফৰাছ (c) গন্ধক (c) অক্সিজেন
উত্তৰ: (a) জিংক
2) তলত দিয়া কোনটো উক্তি শুদ্ধ?
(a) সকলো ধাতু নমনীয়।
(b) সকলো অধাতু নমণীয়।
(c) সাধৰণতে ধাতুসমূহ নমনীয়।
(d) কিছুমান অধাতু নমনীয়।
উত্তৰ: (c) সাধৰণতে ধাতুসমূহ নমনীয়।
3) খালী ঠাই পূৰ কৰা-
(a) ফৰফৰাছ এবিধ অতি ___ অধাতু।
উত্তৰ: সক্ৰিয়
(b) ধাতুসমূহ ___ আৰু ____ৰ সু-পৰিবাহী।
উত্তৰ: তাপ আৰু বিদ্য়ুতৰ
(c) তামতকৈ লো ___ সক্ৰিয়।
উত্তৰ: অধিক
(d) ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি ___ গেছ উৎপন্ন কৰে।
উত্তৰ: হাইড্ৰ’জেন
4) উক্তিবোৰ শুদ্ধ আৰু অশুদ্ধ চিহ্নিত কৰাঃ
(a) সাধাৰণতে , অধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে ।
উত্তৰঃ অশুদ্ধ।
(b) ছ’ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু ।
উত্তৰঃ শুদ্ধ।
(c) জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে।

(d) কয়লা টানি তাৰৰ ৰূপ দিব পাৰি।
উত্তৰঃ অশুদ্ধ।
5) তলৰ তালিকাখনত কিছুমান ধৰ্ম উল্লেখ কৰা হৈছে। এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা -
উত্তৰঃ
ধৰ্ম |
ধাতু |
অধাতু |
1)বাহ্যিক ৰূপ |
চিকমিকিয়া |
অনুজ্বল |
2)কঠিনতা |
কঠিন |
কোমল |
3)ঘাতসহনীয়তা |
ধাতুক কোবাই পাতৰ আকাৰত গঢ় দিব পাৰি |
অধাতুক কোবালে গুড়ি হৈ যায়। |
4)নমনীয়তা |
ধাতুক টানি তাঁৰৰ আকাৰ দিব পাৰি |
অধাতুক টানি তাঁৰৰ আকাৰ দিব নোৱাৰি |
5)তাপ পৰিবাহিতা |
সুপৰিবাহী |
কু-পৰিবাহী |
6)বিদ্যুত পৰিবাহিতা |
সুপৰিবাহী |
কু-পৰিবাহী |
6) কাৰণ দৰ্শোৱা :
(a) খাদ্য়- সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়াম পাত ব্য়ৱহাৰ কৰা হয়।
উত্তৰঃ এলুমিনিয়ামৰ ঘাতসহনীয়তা গুণ অধিক হোৱা বাবে ইয়াক পিটি অতি পাতল কৰিব পাৰি। তদুপৰি এলুমিনিয়ামে খাদ্যবস্তুৰ লগত কোনোধৰণৰ বিক্ৰিয়া নকৰে। সেইবাবে খাদ্য়- সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়াম পাত ব্য়ৱহাৰ কৰা হয়।
(b) জুলীয়া পদাৰ্থ তপতাবলৈ ব্য়ৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতবীয় পদাৰ্থৰে নিৰ্মিত।
উত্তৰঃ ধাতুবোৰ হৈছে তাপৰ সু - পৰিবাহী অৰ্থাৎ ইয়াৰ মাজেৰে তাপ সহজে পাৰ হৈ যাব পাৰে । সেয়েহে জুলীয়া পদাৰ্থ তপতাবলৈ ব্য়ৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতবীয় পদাৰ্থৰে নিৰ্মিত।
(c) তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপৰসাৰিত কৰিব নোৱাৰে।
উত্তৰঃ এটা অধিক সক্ৰিয় ধাতুয়ে কম সক্ৰিয় ধাতুক অপসাৰিত কৰিব পাৰে, কিন্তু এটা কম সক্ৰিয় ধাতুৱে আন এটা অধিক সক্ৰিয় ধাতুক অপসাৰিত কৰিব নোৱাৰে । তাম আৰু জিংকৰ ক্ষেত্ৰত জিংক অধিক সক্ৰিয়। সেয়েহে তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপৰসাৰিত কৰিব নোৱাৰে।
d)ছডিয়াম আৰু পটেছিয়ামক কেৰাচিন ডুবাই ৰখা হয়।

উত্তৰঃ ছ'ডিয়াম আৰু পটেছিয়াম বায়ুত অধিক সক্ৰিয় । ইহঁতে বায়ু আৰু পানীৰ সংস্পৰ্শলৈ আহিলে বিক্ৰিয়া ঘটায় জ্বলি উঠে । সেয়ে ছডিয়াম আৰু পটেছিয়ামক কেৰাচিন ডুবাই ৰখা হয়।
7)তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবানে? ব্য়াখ্য়া কৰা।
7)তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবানে? ব্য়াখ্য়া কৰা।
উত্তৰঃ নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব নোৱাৰি। কাৰণ নেমু টেঙাত থকা এছিড আৰু এলুমিনিয়াম ধাতুৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটিব আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব । ফলত আচাৰ খিনি নষ্ট হ'ব ।
8) স্তম্ভ A ত থকা পদাৰ্থসমূহক স্তম্ভ B ত থকা সিহঁতৰ ব্য়ৱহাৰৰ লগত মিলোৱা
A |
B |
i) সোন ii) লো iii) এলুমিনিয়াম
iv) কাৰ্বন v) তাম vi) পাৰা |
a) থাৰ্মমিটাৰ b) বৈদ্যুতিক c) খাদ্য মেৰোৱা d) আ-অলংকাৰ e) যন্ত্ৰ-পাতি f) ইন্ধন |
উত্তৰঃ
A |
B |
i) সোন ii) লো
iii) এলুমিনিয়াম iv) কাৰ্বন v) তাম vi) পাৰা |
d) আ-অলংকাৰ e) যন্ত্ৰ-পাতি c) খাদ্য মেৰোৱা f) ইন্ধন b) বৈদ্যুতিক a) থাৰ্মমিটাৰ |
9) কি ঘটিব যেতিয়া – ( শব্দ সমীকৰণ লিখা )
a) তামৰ প্লেটৰ এপৰত লঘু ছালফিউৰিক এছিড ঢলা হয় ।
উত্তৰঃ তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এছিড ঢালিলে তাম (কপাৰ) আৰু ছালফিউৰিক এছিডৰ ৰাসায়নিক বিক্ৰিয়া ঘটি কপাৰ ছালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব ।
b) কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰখা হয়।
উত্তৰঃ কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰাখিলে ইয়াৰ মাজত ৰাসায়নিক। বিক্ৰিয়া ঘটিব আৰু লো ছালফেট তকৈ অধিক সক্ৰিয় হোৱা বাবে লো ( আইৰণ) য়ে কপাৰক অপসাৰিত কৰিব । এই অপসাৰিত কপাৰ খিনি গজালৰ ওপৰত জমা হৈ এটা মুগা তৰপৰ সৃষ্টি হ'ব ।