Class 8 Social Science Chapter 9 Assamse Medium | মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা

 মানৱ সম্পদ উন্নয়ন,মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা


Class 8 social science chapter 2 Assamese Medium

উত্তৰ লিখা :


১) মানুহ কেতিয়া সম্পদ হিচাপে বিবেচিত হয় ?
উত্তৰ: এজন মানুহে সু স্বাস্থ্যৰ অধিকাৰী হৈ প্ৰয়োজনীয় শিক্ষা আৰু দক্ষতা লাভ কৰি দেশৰ উৎপাদন কাৰ্যত নিয়োজিত হ'লে সম্পদ হিচাপে বিবেচিত কৰা হয় ।

২)শিক্ষাৰ উচ্চ হাৰে কিদৰে মানৱ সম্পদৰ উন্নয়ন হোৱা বুজায়?
উত্তৰ: শিক্ষাৰ হাৰ উচ্চ হ'লে মানৱ সম্পদৰ উন্নয়ন হোৱা বুজাই । প্ৰকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে । ইয়াৰ জৰিয়তে ব্যক্তি এজন দেশৰ উৎপাদন কাৰ্যত বৰঙনি যোগাব পাৰে । উদাৰণস্বৰূপে জাপান, ইংলেণ্ড, আদি দেশত শিক্ষিতৰ হাৰ অধিক সেইবিলাক দেশৰ মানৱ সম্পদো উন্নত ।

৩) জীৱনৰ প্ৰত্যাশা মানে কি ?
উত্তৰ: টি শিশু জন্মৰ পাছৰ পৰা কিমান বয়সলৈ সুস্থ, সফলভাৱে জীয়াই থাকে তাক জীৱন প্ৰত্যাশা বোলে ।

৪)মানৱ সম্পদ উন্নয়নৰ বাবে প্ৰতিষেধক টিকাকৰণৰ হাৰ উচ্চ হ'ব লাগে নে নিম্ন হ'ব লাগে?
উত্তৰ: মানৱ সম্পদ উন্নয়নৰ বাবে প্ৰতিষেধক টিকাকৰণৰ হাৰ উচ্চ হ'ব লাগে ।


৫) জনমূৰি আয়ৰ বৃদ্ধিয়ে মানৱ সম্পদৰ উন্নয়ন হোৱাটোকে সূচায় নে ?
উত্তৰ : জনমূৰি আয়ৰ বৃদ্ধিয়ে মানৱ সম্পদৰ উন্নয়ন হোৱাটোকে সূচায় 


অনুশীলনী :

১) চমু উত্তৰ লিখা-
ক) মানৱ সম্পদ কাক বোলে ?
উত্তৰ: সু স্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসম্পন্ন হৈ উৎপদনমূলক কামত নিজকে জড়িত কৰে তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয় ।

খ) দেশৰ উৎপাদন কাৰ্যত কোনে অংশগ্ৰহণ কৰিব পাৰে ?
উত্তৰ: 
দেশৰ উৎপাদন কাৰ্যত শাৰীৰিক আৰু মানসিকভাৱে সক্ষম প্ৰয়োজনীয় শিক্ষা আৰু দক্ষতা সম্পন্ন লোকে দেশৰ উৎপাদন কামত অংশগ্ৰহণ কৰিব পাৰে ।

গ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি ?
উত্তৰ: 
যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰক মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয় ।

ঘ) বৃত্তিমূলক শিক্ষা কাক বোলে ?
উত্তৰ: 
আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তি মূলক শিক্ষা বোলে । মটৰ মেকানিক, কাঠ মিস্ত্ৰী, ৰাজ মিস্ত্ৰী, পেইন্টাৰ আদিবোৰ বৃত্তিমূলক শিক্ষাৰ উদাহৰণ।
ঙ) মানৱ সম্পদৰ মূল চালিকা শক্তি কি ?
উত্তৰ: 
মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তি হ'ল স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ ।


২) বহলাই আলোচনা কৰা-
ক) মানৱ সম্পদ উন্নয়নৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলী।
উত্তৰ:  দেশ এখনৰ উন্নয়ন নিৰ্ভৰ কৰে মানৱ সম্পদৰ উন্নয়নৰ ওপৰত। সেয়ে মানৱ সম্পদ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা দেখা যায় । আমাৰ দেশৰ চৰকাৰে প্ৰৱৰ্তন কৰা আধুনিক আৰু বিজ্ঞান সন্মত শিক্ষা ব্যৱস্থা, স্বাস্থ্য নীতি, বিভিন্ন আঁচনি , জলপানীৰ ব্যৱস্থা, উন্নতমানৰ প্ৰশিক্ষণ তথা বিভিন্ন সা - সুবিধাৰ ফলত বৰ্তমান দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো সবল হোৱা দেখা গৈছে ।

খ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ।
উত্তৰ: 
যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰক মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয় । কিছুমান উল্লেখযোগ্য নিৰ্দেশক হ'ল -
1) শিক্ষাৰ হাৰ: মানৱ সম্পদ উন্নয়নৰ বাবে শিক্ষাৰ হাৰ উচ্চ হোৱাটো অতি প্ৰয়োজনীয়। উন্নত উচ্চ শিক্ষাৰ হাৰে উন্নত মানৱ সম্পদৰ কথা বুজায় । জাপান, ইংলেণ্ড, আমেৰিকা আদি দেশবোৰ ইয়াৰ উদাহৰণ ।
2) জীৱনৰ প্ৰত্যাশা: এটি শিশু জন্মৰ পাছৰ পৰা কিমান বয়সলৈ সুস্থ , সফলভাৱে জীয়াই থাকে তাক জীৱনৰ প্ৰত্যাশাই নিৰ্ণয় কৰে । উচ্চ জীৱন প্ৰত্যাশা উচ্চ মানৱ সম্পদৰ নিৰ্ণায়ক
3) জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ: এখন দেশত জন্মকালীন শিশু মৃত্যুৰ হাৰ হ্ৰাস হোৱাটো সেই দেশখনৰ মানৱ সম্পদ উন্নয়নৰ আন এটি প্ৰধান নিৰ্দেশক। জন্মকালীন অৱস্থাত শিশুৰ মৃত্যুৰ সংখ্যা আমাৰ দেশত যথেষ্ট বেছি মানৱ সম্পদৰ উন্নয়নৰ হ'ব লাগিলে এনে মৃত্যুৰ হাৰ হ্ৰাস পাব লাগিব ।
4)জনমূৰি আয়: দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় উপলব্ধ হয় তাক জনমূৰি আয় বোলা হয় ।

গ) মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত থকা সম্পৰ্ক।
উত্তৰ: 
মানৱ সম্পদৰ উন্নয়নত বৃত্তি মূলক শিক্ষাই গুৰুতত্বপূৰ্ন ভূমিকা পালন কৰে । প্ৰচলিত শিক্ষা ব্যৱস্থাই সকলো ব্যক্তিকে কৰ্মসংস্থাপনৰ যোগান ধৰিব নোৱাৰে ।ফলত উচ্চ শিক্ষা গ্ৰহণ কৰিও এজন ব্যক্তি নিবনুৱা হৈ থকা দেখা যায় । আৰু এনেদৰে সমাজত দৰিদ্ৰতাৰ হাৰ বৃদ্ধি হৈ মানৱ সম্পদৰ উন্নয়নত বাধাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত দৰ্জী , কাঠ মিস্ত্ৰী, মটৰ মেকানিক, বিউটিচিয়ান আদিৰ দৰে বৃত্তি মূলক শিক্ষাই এজন ব্যক্তিক জীৱননিৰ্বাহ কৰাত সহায় কৰে ।

ঘ) বৃত্তিমূলক শিক্ষাই কিদৰে নিৱনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে ?
উত্তৰ: 
আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তি মূলক শিক্ষা বোলে । এই বৃত্তি মূলক শিক্ষাই নিবনুৱা সমস্যা লাঘৱ কৰাত যথেষ্ট সহায় কৰে । পৰম্পৰাগত শিক্ষা ব্যৱস্থাই এজন ব্যক্তিক কৰ্মসংস্থানৰ যোগান ধৰিব নোৱাৰিবও পাৰে । ফলত শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি হয় । বৃত্তি মূলক শিক্ষা অৰ্থাৎ দৰ্জী, কাঠ মিস্ত্ৰী, মটৰ মেকানিক আদিবোৰ ক্ষেত্ৰত দক্ষ হৈ এজন ব্যক্তিয়ে জীৱন নিৰ্বাহ কৰিব পাৰে ।


৩) শুদ্ধ অশুদ্ধ নিৰ্ণয়কৰা-
ক) প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ’লেই দেশৰ উৎপাদন বৃদ্ধি হয়।
উত্তৰ: 
অশুদ্ধ।

খ) মানুহ মাত্ৰেই মানৱ সম্পদ নহয় ǀ
উত্তৰ: শুদ্ধ।


গ) জনসংখ্যা বৃদ্ধিয়ে মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায় ǀ
উত্তৰ: শুদ্ধ।

ঘ) উচ্চ জীৱন প্ৰত্যাশাই অনুন্নত মানৱ সম্পদক সূচায় ǀ
উত্তৰ: অশুদ্ধ।


ঙ) ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱল
ম্বী হোৱাত সহায় কৰে ǀ
উত্তৰ:  শুদ্ধ।

চ) জন্মকালীন শিশুৰ মৃত্যুৰ হাৰে মানৱ সম্পদ উন্নয়নত সহায় কৰে ǀ
উত্তৰ: শুদ্ধ।

 ৪) খালী ঠাই পূৰ কৰা-
ক) এখন দেশৰ উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক হ’ল ___ য’ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে।
উত্তৰ: 
এখন দেশৰ উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক হ’ল শ্ৰম য’ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে।

খ) ___ আয়ৰ বৃদ্ধিয়ে দেশ এখন ___
 হোৱাত সহায় কৰে ǀ
উত্তৰ: ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে ǀ

গ) উচ্চশিক্ষা গ্ৰহণ কৰাৰ পিছত ___ সকলো শিক্ষিত ব্যক্তিকে ___ যোগান ধৰাতো সম্ভৱ নহয় ǀ
উত্তৰ: উচ্চশিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে সকলো শিক্ষিত ব্যক্তিকে চাকৰি যোগান ধৰাতো সম্ভৱ নহয় ǀ

ঘ) ___ শিক্ষা মানৱ সম্পদ উন্নয়নৰ ___ 
সোপান ǀ
উত্তৰ: গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক সোপান ǀ

ঙ) বৃত্তিমূলক শিক্ষাই মানুহক অকল ___ নকৰে তাৰ লগে লগে দেশৰ নিৱনুৱা সমস্যা লাঘৱ কৰি ___ৰ পথ মুকলি হোৱাত সহায় কৰে ǀ
উত্তৰ: ঙ) বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাজর্নক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিৱনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি হোৱাত সহায় কৰে ǀ

৫) চমু টোকা লিখা –
ক) মানৱ সম্পদঃ
খ) মানৱ সম্পদ উন্নয়নঃ
গ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকঃ
ঘ) বৃত্তিমূলক শিক্ষাঃ

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.